ধুবুৰীত অৱস্থিত নাভাৰ্ড নিৰ্মল ভৱন নামৰ বৃদ্ধাশ্ৰমখন চলাইছে এজন সাধাৰণ ব্যক্তিয়ে

 08/03/2019 - 18:01

ধুবুৰীঃ ধুবুৰী চহৰৰ মাজমজিয়াত থকা এখন বৃদ্ধাশ্ৰম হৈছে বিদ্যাপাৰা ৯ নং চাৰ্জ ৰোডৰ অন্তৰ্গত নাভাৰ্ড নিৰ্মল ভৱন৷ এই বৃদ্ধাশ্ৰম খন কেনেকৈ চলিছে আৰু কোন ব্যক্তিয়ে চলাইছে জানিলে আপুনি আচৰিত হ'ব। এইখন বৃদ্ধাশ্ৰমত বৰ্তমান প্ৰায় পাঁচজনৰ অধিক অসহায় বৃদ্ধ-বৃদ্ধা আছে। এতিয়া কথাটো হ'ল এই বৃদ্ধাশ্ৰমখন চৰকাৰৰ কোনো অনুদানৰ দ্বাৰাই নচলে। ধুবুৰীৰ আবু নশেৰ জেলানি নামৰ এজন সাধাৰণ ব্যক্তিয়ে সম্পূৰ্ণ নিজৰ গাঁঠিৰ ধন ব্যয় কৰি চলাই আছে এই বৃদ্ধাশ্ৰমখন।

আনহাতে বিগত কেইদিনমান পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো ভয়ংকৰ বানপানীৰ কবলত পৰিছিল যদিও আবু নশেৰ জেলানিয়ে অতি কষ্টেৰে বজাৰ কৰি বৃদ্ধাশ্ৰমত থকা লোক সকলৰ যাৱতীয় বস্তুৰ যোগান ধৰে বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে। জেলানিৰ এনে সমাজ সেৱাৰ বাবে প্ৰতিবিম্ব লাইভৰ তৰফৰ পৰা আমিও ধন্যবাদ জনাইছো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।