মৈৰাবাৰীৰ গাড়ী চালকক মুৰ্মূষু অৱস্থাত ৰাস্তাৰ কাষত পেলাই গাড়ী লৈ উধাও যাত্ৰী ৰূপী দুই গাড়ী চোৰ

 08/03/2019 - 18:08

মৈৰাবাৰীঃ মৰিগাঁৱৰ ভেলৌগুৰী থানাৰ অন্তৰ্গত ভেলৌগুৰি গাঁৱৰ ড্ৰাইভাৰ জাকিৰ হুছেইনৰ কথমপি প্ৰাণ ৰক্ষা পৰিল গাড়ী চোৰৰ পৰা। যোৱা দুই আগষ্টত সন্ধ্যা পাঁচ মান বজাত জাকিৰৰ AS 02 W8930  নম্বৰৰ চিলভাৰ কালাৰ মাৰতি ভেনখন  মৈৰাবাৰী টেক্সি ষ্টেণ্ডৰ পৰা ম: নুৰুল ইছলাম নামৰ লোকজনে ভাড়াত নিয়ে। ভাড়াতীয়াজন ড্ৰাইভাৰৰ কাষৰ চিটতে বহি যায়। কিন্তু ধিং থানাৰ অন্তৰ্গত মাটিখলা নামৰ গাঁৱত ড্ৰাইভাৰজনে গাড়ী ৰাখি নামাজ পঢ়িব যায়। কিন্তু ঘূৰি আহি ড্ৰাইভাৰ জাকিৰে দেখে পাছৰ চিটত আৰু এজন মানুহ। সেই ভাড়াতীয়াজনে নিজৰ বন্ধু বুলি পৰিচয় দি দুয়ো শহুৰৰ ঘৰলৈ যাব বুলি কয়।

পিছত মাটিখলা বজাৰৰ পৰা দুই কিলোমিটাৰ যোৱাৰ পাছতে জাকিৰক পিছৰ চিটত বহা দুস্কৃতিকাৰীটোৱে ডিঙিত ৰচিৰে বান্ধি ফাচি লগোৱা মাত্ৰকে কাষৰ চিটত থকা জনে গামোছাৰে মুখত সোপা দিয়ে। তাৰ পিছত অচেতন অৱস্থাত জাকিৰক মাটিখলা গাঁৱৰ এটা খালৰ কাষত পেলাই থৈ গাড়ী লৈ উধাও হয়। পিছত স্থানীয় লোকে পুলিচৰ সহায়ত জাকিৰক অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে। পাছত জাকিৰৰ চেতনা ঘূৰি অহাত ঘটনাটো পোহৰলৈ আহে। ঘটনাৰ সন্দৰ্ভত মৈৰাবাৰী থানাত জাকিৰে তৰা এজাহাৰ ভিত্তিত এক গোচৰ পঞ্জিয়ন হৈছে। অঞ্চলৰ গাড়ী চালকসকলে গাড়ী চোৰ চক্ৰটোক উৎখাত কৰিবলৈ দাবী জনাইছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.