দৰঙৰ নাও দুৰ্ঘটনাত সন্ধানহীন এজনৰ মৃতদেহ উদ্ধাৰ

 08/03/2019 - 18:14

মঙলদৈঃ দৰঙৰ কছাৰীঝাৰ ঘাটত সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন এজনৰ আজি মৃতদেহ উদ্ধাৰ হয়। মৃত তৰুণ কলিতাৰ মৃতদেহ ঘটনাস্থলীৰ পৰা প্ৰায় ৪ কিঃমিঃ দূৰত উদ্ধাৰ কৰে এছডিআৰএফ বাহিনীয়ে । এতিয়াও অনন্ত কলিতা নামৰ ব্যক্তিজনৰ কোনো সন্ধান পোৱা নাই। এই পৰ্যন্ত এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।