গোগামুখত গড়কাপ্টানি বিভাগৰ দলং ভাঙি পৰাত যাতায়াতৰ ক্ষেত্ৰত অসুবিধা

 08/03/2019 - 18:20

গোগামুখঃ ধেমাজি জিলাৰ গোগামুখৰ কৌপাতনী গাঁৱত গড়কাপ্টানি বিভাগে নিৰ্মাণ কৰা পুৰণি এখন দলং বানপানীৰ কৱলত পৰি দলংখনৰ এটা অংশ তললৈ খহি পৰে৷ ফলত জুন মাহৰ ২৮ তাৰিখৰ পৰা যান-বাহনৰ লগতে পথচাৰীৰ যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগা হয় গাঁওখনৰ ৰাইজৰ৷ কৌপাতনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষতে থকা দলংখন ভাঙি যোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ আহ-যাহ কৰাত অসুবিধা হোৱা পৰিলক্ষিত হৈছে৷ বিদ্যালয়খনলৈ যাতায়াতৰ একমাত্ৰ সম্বল দলংখন ভাঙি যোৱাৰ ফলত সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ পাঠ গ্ৰহণৰ বাবে যোৱা বুলি বিদ্যালয়খনৰ শিক্ষকসকলে জানিবলৈ দিয়ে৷

ভাঙি যোৱা দলংখনৰ ওপৰত মাত্ৰ বাঁহেৰে সাঁকো সাজি পাল মাৰিছে গড়কাপ্টানি বিভাগেl গধূৰ বাহন পাৰ কৰাৰ ফলতে দলংখন ভাঙি পৰা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে৷ বৰ্তমানলৈকে গড়কাপ্টানি বিভাগটোৰ কোনো বিষয়া উপস্থিত হৈ দলংখনৰ পৰ্যবেক্ষণ কৰা নাই বুলি অভিযোগ উঠিছে৷ উল্লেখ্য যে ভঙা দঙৰ ওপৰত ঠিকাদাৰে পালমৰা কাম কৰি ৰাইজক চৰম বিপদলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।