ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব টেট

 03/29/2019 - 13:09

গুৱাহাটী: বৰ্তমান ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। লাখ লাখ শিক্ষিত নিবনুৱাই এটা চাকৰিৰ আশাত পাৰ কৰিছে দিন-ৰাতি। যাৰ ফলত ৰাজ্যত অপৰাধজনিত ঘটনাও সঘনে সংঘটিত হ'বলৈ ধৰিছে। ইয়াৰ সমাধানৰূপে ৰাজ্য চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰি আহিছিল।

ই নিবনুৱাসকলক কিছু পৰিমাণে হ’লেও কাহ দিছিল। কিনত্ত বিগত সাত বছৰ ধৰি ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নাই টেট পৰীক্ষা। যাৰ ফল ভোগ কৰিছে নিবনুৱাসকলে। তাৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰক পুনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

অৰুপ কুমাৰ মেধিসহ ৮০গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা ডব্লিউ এ ৩২/২০১৯ নম্বৰৰ এখন ৰীট আপীলৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ অৰুপ কুমাৰ গোস্বামীৰ খণ্ড বিচাৰপীঠে টেট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰক। লগতে টেট অনুষ্ঠিত নকৰাকৈ নতুন শিক্ষক নিযুক্তি দিব নোৱাৰিব বুলিও স্পষ্টকৈ সকীয়াই দিয়ে ন্যায়ালয়ে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০১২ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিল সাধাৰণ টেট পৰীক্ষা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।