গাম্ভীৰ্য্যপূৰ্ণ অনু্ষ্ঠানৰ মাজেৰে কৰ্মচাৰী হৰেণ লহকৰক সম্বৰ্ধনা

 08/03/2019 - 18:32

ৰঙিয়াঃ ৰঙিয়া গড়কাপ্টানি বিভাগৰ কৰ্মচাৰী তথা বিভাগটোৰ প্ৰথম শ্ৰেণীৰ উপ অভিযন্তা হৰেণ লহকৰক বিভাগীয়ভাবে আজি সম্বৰ্ধনা জনোৱা হয়। দিনৰ ২ বজাত বিভাগটোৰ ৰঙিয়া উপ সংমণ্ডলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে প্ৰৱন্ধকাৰ তথা বিভাগটোৰ উচ্চবৰ্গৰ সহায়ক প্ৰণবেশ ভট্টাচাৰ্য্যই। সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে উপ অভিযন্তা হিৰেণ দাসে। এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অনুষ্ঠিত হোৱা সভাখনত বিভাগটোৰ কৰ্মচাৰী উৎপল শৰ্মা, উপ অভিযন্তা বিপুল বৰুৱা, কৰ্মচাৰী নছিউৰ ৰহমান, সদৌ অসম মাষ্টাৰ ৰোল শ্ৰমিক সন্থাৰ সভাপতি আজিৰ আলী উপস্থিত থাকি ভাষণ ৰাখে।

ইফালে সভাত উপস্থিত থাকি উপ অভিযন্তা হিৰেণ দাসে তেওঁৰ বক্তব্যৰ মাজৰে কয় যে চৰকাৰী চাকৰীয়ালসকলৰ মাজে সময়ে বিভিন্ন কামৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰে যদিও ইয়াৰ ভিতৰত অধিকাংশ চাকৰীয়ালে তেওঁলোকৰ দায়িত্ব বুজি যি ধৰণে নিজৰ দায়িত্ব পালন কৰে ই প্ৰকৃততে শলাগ ল’ব লগীয়া। বিশেষকৈ ৰঙিয়া গড়কাপ্টানি বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী হৰেণ লহকৰে যি ধৰণে বিভাগটোত সেৱা আগবঢ়াইছে প্ৰকৃততে এনে কৰ্মচাৰীৰ অৱদান অতুলনীয়। সভাখনত ভাষণ ৰাখি অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হৰেণ লহকৰে তেওঁৰ বক্তব্যৰ মাজতে চাকৰী জীৱনৰ বহু কথা উল্লেখ কৰি ভাঙিপৰাত সম্বৰ্ধনা সভাখনত শোকাকুল পৰিবেশে বিৰাজ কৰে।

ইফালে সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰা প্ৰণবেশ ভট্টাচাৰ্য্যই তেওঁৰ বক্তব্যৰ মাজেৰে কয় যে অৱসৰ প্ৰাপ্ত কৰ্মচাৰী হৰেণ লহকৰৰ দৰে কৰ্মচাৰীসকলে ফিল্ডত যি ধৰণে সেৱা আগবঢ়াইছে এনে অৱদান প্ৰকৃততে মনত ৰাখিবলগীয়া। চৰকাৰী কৰ্মচাৰী এজনে অৱসৰৰ পিছত সামাজিকভাবে কাম কৰাৰ এটা সুযোগ পায়। যদি স্বাস্থ্য ভালে থাকে তেনেহ’লে অৱসৰ পোৱা কৰ্মচাৰীসকলে অৱসৰৰ পিছত সামাজিক সেৱা আগবঢ়োৱা প্ৰয়োজন বুলি ভট্টই উল্লেখ কৰে।

তেওঁৰ ভাষণত আৰু কয় যে চাকৰী জীৱনৰ সময়ত এজন কৰ্মচাৰী হিচাপে যি ধৰণে এখন সমাজৰ লগত জড়িত হৈ থাকে অৱসৰৰ পিছত তেতিয়াহে ঠিক তেনে এখন সমাজ পাব অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে। তেতিয়া কৰ্মচাৰীজনে অৱসৰৰ পিছত কিবা হেৰুৱা বুলি ভবা কোনো কথাই নেথাকিব তেওঁৰ মনত। এনেদৰে সামাজিক কামত জড়িত হৈ পৰিলে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ মনোবল বৃদ্ধি হোৱাত সহায়ক হ’ব বুলি সভাপতিগৰাকীয়ে কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।