08/03/2019 - 19:25
in
ডিজিটেল ডেস্কঃ ভাৰতৰ জনসাধাৰণে অতি কম সময়ৰ ভিতৰতে কেচলেচ চিষ্টেমক আদৰি লৈ সকলোতে ডেবিড কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিবলৈ লৈছে। কিন্তু এই কাৰ্ডসমূহ ব্যৱহাৰ কৰাৰ সময়ত যদি সাৱধান নহয় তেনেহ’লে বৃহৎ লোকচানৰ সন্মুখীন হ’ব লাগিব গ্ৰাহক। কাৰণ এতিয়া আগতকৈ অধিক চতুৰ হৈছে চাইবাৰ অপৰাধীসকল। অতি কৌশলেৰে লুটি আছে গ্ৰাহকৰ একাউণ্টৰ পৰা ধন।
ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াই নিজ ৱেব ছাইটত প্ৰকাশ কৰিছে যে ‘ফিচিং’ একপ্ৰকাৰৰ চাইবাৰ অপৰাধ। ইয়াৰ ব্যৱহাৰ বেংক একাউণ্টৰ গোপন তথ্য অৰ্থাৎ বেংক একাউণ্ট নম্বৰ, ক্ৰেডিট কাৰ্ড নম্বৰ, বেংকিং পাচৱৰ্ড আদি চুৰি কৰি গ্ৰাহকৰ একাউণ্টৰ পৰা ধন চুৰি কৰে। সেয়েহে ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকসকললৈ সতৰ্কতা জাৰি কৰিছে।