চামগুৰিত ট্ৰাকে মহতিওৱাৰ ফলত থিতাতে নিহত কন্যা শিশু

 03/29/2019 - 13:24

নগাঁওঃ কোনেও নাজানে কাৰ জীৱনলৈ কেতিয়া মৃত্যু আহে। মৃত্যু সদায়েই অসহনীয়, অকাল মৃত্যু আৰু অধিক অসহনীয়। এগৰাকী নিষ্পাপ ৮ বছৰীয়া কন্যা শিশুৰ মৃত্যুৱে নগাঁও জিলাৰ চামগুৰিৰ সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি সাপ্তাহিক বজাৰৰ পথত বৃহস্পতিবাৰে আবেলি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত লাওঁখোৱাৰ নিবাসী জামালউদ্দিনৰ কন্যা ফাতেমা বেগম। ঘটনা সন্দৰ্ভত জানিব পৰা মতে এন আৰ চিৰ বাবে পিতৃ, আইতাকৰ লগতে গোটেই পৰিয়ালটোৰ লগত লংকাৰ পৰা চামগুৰিলৈ আহিছিল ফাতেমা।

আইতাকৰ হাতত ধৰি পথেৰে খোজকাঢ়ি টেম্পুত উঠিবলৈ লওঁতেই নগাঁও দিশৰ পৰা বাজিয়াগাঁও পেনাই অভিমুখে দ্ৰুতগতিত গৈ থকা এএছ ০২ এ চি ৪৬৮০ নম্বৰৰ ট্ৰাকখনে ফাতেমাক মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় কন্যা শিশুটি। ঘটনা সংঘটিত হোৱাৰ পাছত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পথ দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে ফাতেমা বেগমৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।