মিঃ এণ্ড মিছ ডিব্ৰু ছৈখোৱা অসম নৰ্থ ইষ্ট (২) ২০১৯ আয়োজন

 08/03/2019 - 20:23

কাকপথাৰঃ যুৱ প্ৰজন্মক ফেছন জগতৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে মানসিক, বৌদ্ধিক, ব্যক্তিত্ব বিকাশৰ উপৰি পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন আৰু প্ৰচাৰৰ অৰ্থে চানচাইন গ্ৰুপে দ্বিতীয় বাৰলৈ আয়োজন কৰিছে মিঃ এণ্ড মিছ ডিব্ৰু ছৈখোৱা অসম নৰ্থ ইষ্ট৷ আয়োজকে জানিবলৈ দিয়া মতে অহা ছেপ্তেম্বৰ মাহৰ ৬, ৭ আৰু ৮ তাৰিখে অনুষ্ঠিত হ’ব এই অনুষ্ঠানটো৷ উক্ত অনুষ্ঠানটোৰ বাবে প্ৰথম বাচনি যোৱা ৩০ জুলাইত তিনিচুকীয়াত অনুষ্ঠিত হৈ যায়৷

উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত এই অনুষ্ঠানটোৰ প্ৰতিযোগিতাৰ বাবে প্ৰাৰ্থী বাচনি কৰা হ’ব বুলি জানিবলৈ দিছে আয়োজকে৷ যদি কোনো ইচ্ছুক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে ফেচবুক পেজ ইংৰাজীত MR AND MISS DIBRUSAIKHOWA অসম নৰ্থ ইষ্ট লগতে তেওঁলোকৰ মোবাইল নম্বৰ য 8474026154/8136034542 ত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।