কোকৰাঝাৰত বান পৰ্যালোচনা বৈঠকত এ চি এছ বিষয়াক ধমক মন্ত্ৰী প্ৰমিলাৰ

 08/03/2019 - 20:31

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বান পৰ্যালোচনা সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই অংশগ্ৰহণ কৰি ঘোচখোৰ এচিএচ বিষয়া তথা অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মাক ৰাজহুৱাকৈ ধমক দি উৎকোচ লোৱা ৫০ হাজাৰ টকা ঘূৰাই দিবলৈও নিৰ্দেশ প্ৰদান কৰে। বিভাগীয় পুঁজিৰ আঁচনি পৰিদৰ্শন কৰাৰ নামত ৫০ হেজাৰ টকা উৎকোচ লোৱাৰ অভিযোগ তুলি মন্ত্ৰী ব্ৰহ্মই বিষয়াগৰাকীয়ে খাই হজম কৰা পঞ্চাশ হেজাৰ টকা ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে।

কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বানপানী ক্ষতিগ্ৰস্তৰ পৰ্যালোচনা মেলত ঘোচখোৰ বিষয়াগৰাকীক ৰাজহুৱাকৈ ধমক দি ঘটনা সংক্ৰান্তত তদন্ত কৰিবলৈও জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইফালে মন্ত্ৰীগৰাকীৰ অভিযোগৰ ওপৰত তদন্ত কৰি দোষী প্ৰমাণিত হ’লে চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব বুলি সদৰি কৰিছে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে। উল্লেখ্য যে এচিএচ বিষয়া সঞ্জীৱ কুমাৰ শৰ্মা গোসাইগাঁৱত নিৰ্বাচনী বিষয়া হৈ থকাৰ সময়তো নিদিষ্ট কমিচন লৈহে কাম দিছিল বুলি বিষয়াগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷

চিদলীৰ চক্ৰ বিষয়া হৈ থাকোতেও সঞ্জীৱ কুমাৰ শৰ্মাক স্থানীয় ৰাইজে অপমান কৰিছিল। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মাটি অধিগ্ৰহণ কৰাৰ সময়তো মাটিৰ গৰাকীক প্ৰাপ্য ধন আদায় দিওঁতেও বহু দুৰ্নীতিত লিপ্ত হোৱা বুলিও অভিযোগ উত্থাপিত হৈছিল৷ চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত হৈ থকাৰ সময়তো প্ৰধানমন্ত্ৰী আবাস যোজনা আৰু স্বচ্ছ ভাৰত অভিযান মিছন আঁচনি অনুসন্ধান কৰাৰ নামতো ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত নিৰ্বাচনৰ বাবে কোকৰাঝাৰলৈ বদলি হৈ আহে আৰু কোকৰাঝাৰতো দুৰ্নীতিৰ বজাৰ খোলে।

যাৰ পৰিণতিতে বাধ্য হৈ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই শুক্ৰবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্থৰ পৰ্যালোচনা বৈঠকতে অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মাক ধমকি দি ৫০ হাজাৰ টকা ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে। ইপিনে জিলা উপায়ুক্তই আজি অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মাৰ চৰকাৰী বাহন প্ৰশাসনৰ জিন্মাত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।