গোৱালপাৰাৰ কাণকাটাত দুই ফৈদৰ মাজত মাৰপিট

 08/03/2019 - 20:39

নগৰবেৰাঃ গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত কাণকাটাত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। দুই ফৈদৰ মাৰপিটত আহত ১২ জন পুৰুষ-মহিলা। মাটিৰ সীমাক লৈ দুই পক্ষৰ কথাৰ কটাকটি হয় আৰু ইয়ে পিছলৈ ভয়ংকৰ মাৰপিটত পৰিণত হয়।

দুয়োটা পক্ষৰ আহত সকল ক্ৰমে কলিম উদ্দিন শ্বেখ, নুমৰ আলী, ৰাজু আলী, নছেৰ আলী, অনিতা বেগম, শ্বাহজামান শ্বেখ, জাকিৰুল শ্বেখ, জহুৰুল শ্বেখ, নেহেৰুল শ্বেখ, ৰফিকুল হক, তছেৰ আলী আৰু আমিনুল হক। আহতসকলক প্ৰথমে শিমলীতোলা কে এন মেধি মেম’ৰিয়েল ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে। সংকটজনক অৱস্থাত কলিম উদ্দিন আৰু নুমৰ আলীক জিএমচিএইচলৈ প্ৰেৰণ কৰে চিকিৎসকে। ইপিনে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰাথমিক তদন্তও আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।