দৰঙৰ বিদ্যালয়ত বিছাৰ আতংক

 08/04/2019 - 13:49

খাৰুপেটিয়াঃ বিদ্যালয়ত বিছাৰ বিচৰণে আতংকিত কৰি তুলিছে কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীক। বিদ্যালয়ৰ য’তে ত’তে বিছাৰ মুক্ত বিচৰণে ব্যাহত কৰি তুলিছে পাঠদান। ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীও হৈ পৰিছে আতংকিত। শ্ৰেণী কোঠা, কাৰ্যালয়, ৰান্ধনী ঘৰ সকলোতে কেৱল বিছা আৰু বিছা। বিছাৰ ভয়ত শ্ৰেণী কোঠা এৰি বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীসকল।

এই ঘটনা দৰঙৰ দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তগৰ্ত পূব বাইগৰমাৰী দক্ষিণ প্ৰাথমিক বিদ্যালয়ত। গ্ৰীস্ম বন্ধৰ এমাহ পিছত শ্ৰেণী কোঠাত উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰীক আতংকিত কৰি তুলিছে হাবি জংঘলৰ পৰা অহা এবিধ বিছাই। পাঠদান ব্যাহত কৰা বিছাৰ পৰা ৰক্ষা পাবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজাববীয়াকৈ প্ৰাথমিক ব্যবস্থা হাতত লৈছে যদিও সম্পূৰ্ণভাৱে পৰিত্ৰাণ পোৱা নাই বিছাৰ পৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।