মৃত্যুক জয় কৰাত ব্যৰ্থ মৃত্যুঞ্জয়ঃ যোৰহাটত ৬ মহীয়া কণমানিৰ মৃত্যু

 08/04/2019 - 14:12

যোৰহাটঃ মৃত্যুক জয় কৰাত ব্যৰ্থ হ’ল এইবাৰ ৰাজ্যৰ জৰুৰীকালিন এম্বুলেন্স সেৱা মৃত্যুঞ্জয়। এক হৃদয় বিদাৰক দৃশ্য। কোলাত এটি মৃত সন্তান লৈ কান্দোনত ভাগি পৰিছে এগৰাকী মাতৃ। ঘটনাটো যোৰহাট জিলাৰ চিনামৰ বাঘধৰাৰ। শনিবাৰৰ দিনা হঠাৎ বিছনাৰ পৰা পৰি যোৱা ৬ মহীয়া সন্তানক জৰুৰীকালিন চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিবলৈ পৰিয়ালটোৱে যোগাযোগ কৰিছিল ১০৮ মৃত্যুঞ্জয় সেৱালৈ।

কিন্তু পুৱাৰ পৰাই বিভিন্ন উজুহাত দেখুৱাই মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীয়ে গুৰুত্ব নিদিলে কণমানি শিশুটিক। ফলত চিকিৎসালয় নাপাওঁতেই মৃত্যু ঘটিল কণমানিটোৰ। প্ৰশ্ন হয় ৰাইজৰ জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে অসম চৰকাৰে প্ৰৱৰ্তন কৰিছিল নে ১০৮ মৃত্যুঞ্জয় সেৱা?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।