ঢকুৱাখনাত এমএচিৰ প্ৰাক্তন উপাধ্যক্ষ হেমেশ্বৰ পেগুৰ প্ৰতিকৃতি দাহ

 08/04/2019 - 14:18

ঢকুৱাখনাঃ মিচিংসকলৰ সাংবিধানিক ন্যায্য অধিকাৰ প্ৰাপ্তিৰ বাবে জাতীয় সংগ্ৰামৰ নেতৃত্ববহনকাৰী নেতা সদৌ মিচিং ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা মিচিং স্বায়ত্ব পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ হেমেশ্বৰ পেগুৰ লগতে সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় নেতা-পৰমা চূংক্ৰাং, বৈদ্যনাথ পাঞাং আৰু বহু সংখ্যক মিচিং জাতীয় সংগঠনৰ নেতাই শুকুৰবাৰে মন্ত্ৰী নৱ দলেৰ উপস্থিতিত বিজেপি গমণ কৰাত এতিয়া মিচিং অধ্যষিত অঞ্চলবোৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

হেমেশ্বৰ পেগু, পৰমা চূংক্ৰাং আৰু বৈদ্যনাথ পাঞাঙক মিচিং জাতীয় সংগ্ৰামক দিশহাৰা কৰিব খোজা বিভেদকামী শত্ৰু বুলি অভিহিত কৰি বহু ঠাইত প্ৰতিকৃতি দাহেৰে ঢকুৱাখনাৰ বিভিন্ন আঞ্চলিক মিচিং ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰে। অন্যহাতে এই তিনিওজন মিচিং জাতিৰ শত্ৰুক মিচিং এলেকাত সামাজিক তথা ৰাজনৈতিক কাম-কাজ নচলাবলৈ আহ্বান জনায় অন্যথা ২০০৪-০৫ চনৰ দৰে ভাতৃ ঘাটি সংঘৰ্ষৰ এক পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুলিও সকিয়াই দিয়ে এক সংবাদ মেল যোগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।