ৰঙিয়াত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

 08/04/2019 - 14:26

ৰঙিয়াঃ ৰঙিয়াৰ কণিহাত ছাত্ৰী ধৰ্ষণকাৰী লম্পট যুৱকক গ্ৰেপ্তাৰ। ৰঙিয়া আৰক্ষীয়ে ইলিয়াছ আলী নামৰ ধৰ্ষণকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰে বাইহাটা চাৰিআলিৰ পৰা। ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে ধৰ্ষণকাৰী ইলিয়াছক। আটকৰ পিছতে ৰঙিয়া থানাৰ সন্মুখত ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ৰঙিয়াৰ কণিহাত ইয়াচিন আলী নামৰ লম্পট যুৱক এজনে মুখত খোপা দি ঘৰত কোনো নথকাৰ সুয্গো লৈ ধৰ্ষণ কৰিছিল যুৱতী এগৰাকীক।

যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত পলায়ন কৰিছিল ইয়াচিন আলী নামৰ লম্পটটো। ইয়াৰ পিছতে পৰিয়ালৰ লোকে থানাত গোচৰ দিছিল যদিও আৰক্ষী বিফল হৈছিল অভিযুক্তক আটক কৰাত। অৱশেষত ৰঙিয়া আৰক্ষীয়ে ধৰ্ষণকাৰীটোক বাইহাটা চাৰিআলিৰ এক স্থানৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আজি ধৰ্ষণকাৰীটোক ন্যায়ালয়ত হাজিৰ কৰাব আৰক্ষীয়ে। বৰ্তমান ৰঙিয়া থানাৰ সন্মুখত নিৰপত্তা ব্যৱস্থা কটকটিয়া কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।