নগৰবেৰাত এনআৰচিৰ শুনানিৰ নামত সমস্যাৰ সন্মুখীন দৰিদ্ৰ লোকসকল

 08/04/2019 - 14:39

নগৰবেৰাঃ এনআৰচিৰ শুনানিৰ নামত সমস্যাৰ সন্মুখীন নগৰবেৰাৰ দৰিদ্ৰ লোকসকল। নিশাৰ ভিতৰতে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাৰ প্ৰায় তিনি সহস্ৰাধিক লোকৰ নামত আহিল শুনানিৰ জাননী। শুনানিৰ জাননী পাই হতভম্ব শ শ লোক। শুনানিৰ এদিন পূৰ্বে জাননী পোৱা সকলে শুনানিৰ বাবে যাব লাগিব গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, নগাঁও আদি ঠাইলৈ। নগৰবেৰাৰ পৰা এই ঠাইসমূহৰ দূৰত্ব ৩০০ ৰ পৰা ৫০০ কিলোমিটাৰ।

এনআৰচি কৰ্তৃপক্ষৰ এনে জাননীত এতিয়া চিন্তিত নগৰবেৰাবাসী। ৰাইজৰ অভিযোগ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে জাননী প্ৰেৰণ কৰিছে এই লোকৰ বাবে। এনআৰচি কৰ্তৃপক্ষৰ এনে হঠকাৰী কাৰ্যত হাহাকাৰ লাগিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ত। দৰিদ্ৰ লোকসকল কম সময়ৰ ভিতৰত পৰিয়াল লৈ সুদূৰ শিৱসাগৰ, ডিব্ৰুগড়, নগাঁও, গোলাঘাটলৈ যোৱাত আৰ্থিকভাৱে সমস্যাত পি চিন্তিত হৈ পৰিছে। শীঘ্ৰে চৰকাৰৰ লগতে এনআৰচি কৰ্তৃপক্ষক গ্ৰহণযোগ্য পদক্ষেপ লবলৈ দাবী জনাইছে জাননীপ্ৰাপ্ত লোকসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।