বৰপেটাৰ পূব মাজৰচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আতংকিত শ শ পৰিয়াল

 08/04/2019 - 14:48

নগৰবেৰাঃ বৰপেটা জিলাৰ পূব মাজৰচৰ গাঁৱত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰিছে আতংকৰ। ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াত ইতিমধ্যে জাহ গ’ল শ শ বিঘা কৃষি ভূমিৰ লগতে শতাধিক পৰিয়ালৰ শেষ সম্বল ঘৰ-বাৰী। ২৫ বছৰত বহু কৃষক পৰিয়ালে নিজৰ ভূমি হেৰুৱাই সৰ্বস্বান্ত হৈ বিভিন্ন ঠাইত জীৱিকা নিৰ্বাহ কৰি আছে। সহস্ৰাধিক পৰিয়াল থকা গাঁওখনত দুই শতাধিক পৰিয়ালৰ আছিল যদিও এইবাৰৰ বানপানীত ইয়াৰে শতাধিক পৰিয়ালৰ নিজৰ ভেটি মাটিখিনিও ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাত বেলেগৰ মাটিত ঘৰ বনাই জীৱিকা নিৰ্বাহ কৰিছে।

গাঁওখনৰ এনে দুৰ্যোগৰ সময়ত চৰকাৰৰ কোনো কানসাৰ নাই। শেহতীয়াকৈ স্থানীয় বিধায়ক শ্বেৰমান আলীয়েও গুৰুত্ব দিয়া নাই মাজৰচৰ গাঁৱৰ খহনীয়াক। প্ৰতিৰোধৰ কথা বাদেই, খবৰো লোৱা নাই গাঁওবাসীৰ। গাঁওখনত সৃষ্টি হোৱা খহনীয়া প্ৰতিৰোধৰ বাবে কংগ্ৰেছ চৰকাৰে সামান্য পাৰকুপাইন দি খহনীয়া প্ৰতিৰোধ কৰা কাৰ্য আছিল এপাছি শাকত এটা জলকীয়াসদৃশ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।