কোকিলাত পশু চিকিৎসা শিৱিৰ

 08/04/2019 - 14:55

বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ কোকিলাত আজি বিনামূলীয়া পশু চিকিৎসা শিৱিৰ আৰু ভেকচিন কেম্প অনুষ্ঠিত হয়। বঙাইগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নিৰ্দেশত চাকলা উপ পশু চিকিৎসা কেন্দ্ৰৰ অন্তৰ্গত এলেকাত গৰু ছাগলী, হাহ কুকুৰাৰ মাজত বিভিন্ন ধৰণৰ ঔষধ প্ৰদান কৰে। আনহাতে গৰুৰ মাজত ছিটাকৰণ কৰা হয়।

বানপানীৰ পিছত অঞ্চলটোত পশু পশুধনৰ মৃত্যু হোৱাৰ লগতে বহু গৰু আক্ৰান্ত হৈছে। আনহাতে প্ৰগতি দুগ্ধ উৎপাদন সমবায় সমিতিত নিতৌ ৫ হাজাৰ লিটাৰ গাখীৰ বেচা কিনা হয় যদিও বানপানীৰ পিছত গাখীৰ উৎপাদন কমি যোৱাৰ লগতে বহু পশুধনৰ মৃত্যু হৈছে। আজিৰ ছিটাকৰণ অনুষ্ঠানত সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ আঞ্চলিক সভাপতি মন্তাজ আলী, পঞ্চায়ত সভাপতি আব্দুছ ছাত্তাৰ, ভেটেনেৰী ফিল্ড অফিচাৰ হবিবৰ ৰহমান উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।