গৰাখহনীয়াৰ কবলত গোৱালপাৰাৰ কেইবাখনো গাঁও আৰু চৰকাৰী বিদ্যালয়

 08/04/2019 - 15:12

বিলাসীপাৰাঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ঙ্কৰ গৰাখহনীয়াৰ কবলত পশ্চিম অসমৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ কেইবাখনো গাঁও আৰু চৰকাৰী বিদ্যালয়। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত তথা মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ চেঙ্গেৰআলগাত অৱস্থিত চেঙ্গেৰআলগা চৰকাৰী এম ই মাদ্ৰাছা। ১৯৮৩ চনত স্থাপন হৈছিল বিদ্যালয়খন।

যিকোনো মূহূৰ্তত নিচিহ্ন হৈ যাব পাৰে এই বিদ্যালয়খন। প্ৰায় দুইশতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত কালৰূপী ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত বৰ্তমানে ব্যাহত হৈ পৰিছে পাঠদান প্ৰক্ৰিয়া। অতি দুৰ্গম ভিতৰুৱা অঞ্চলৰ কণ কণ বিদ্যাৰ্থীৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া হৈ পৰিছে এতিয়া অভিশপ্ত। আতঙ্কময় পৰিস্থিতত দিন পাৰ কৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ।

দীৰ্ঘ দিনে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ সু দৃষ্টি নপৰাত অৱশেষত নিৰুপায় হৈ ব্ৰহ্মপুত্ৰৰ গৰাহখহনীয়াৰ পৰা ৰক্ষা পাবলৈ কণ কণ ছাত্ৰ ছাত্ৰীয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। তদুপৰি বিধ্বংসী গৰাখহনীয়াত গৃহ হাৰা হৈছে দুৰ্গম অঞ্চলখনৰ প্ৰায় ২০০০ তকৈ অধিক পৰিয়ালে। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে বৃহত্তৰ অঞ্চলখনৰ কেইবা হাজাৰ বিঘা কৃষি ভূমি। মানচিত্ৰৰ পৰা নিচিহ্ন হৈছে মছজিদ, মাদ্ৰাছা, গাঁও পঞ্চায়তৰ কাৰ্যলয়কে আদি কৰি বহুতো। কিন্তু ইমানৰ পিছতো আজিলৈকে চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ সুদৃষ্টি নপৰিল এই দুৰ্গম অঞ্চলটোলৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।