বকোৰ বৰুৱা বালিঝাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই এম্বুলেন্সৰ ব্যৱস্থা

 08/04/2019 - 15:32

বকোঃ প্ৰতাপী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত উন্নয়নৰ ফোপোলা স্বৰূপ। তাৰেই প্ৰমাণ বকোৰ বৰুৱা বালিঝাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। বালিঝাৰত আজি প্ৰায় ১৯৯২ চনতেই স্থাপিত হোৱা স্বাস্থ্য কেন্দ্ৰটোত আজিলৈকে নহ’ল অসম চৰকাৰৰ এম্বুলেন্সৰ ব্যৱস্থা।

ফলত বিভিন্ন সময়ত ৰোগীয়ে জৰুৰীকালিন ব্যৱস্থাৰ পৰা বঞ্চিত হৈ আছে। ৰোগীয়ে নিজৰ পকেটৰ ধন ভাঙি ব্যক্তিগত গাড়ীৰে নিব লগা হয় উন্নত চিকিৎসাৰ কাৰণে। অসম চৰকাৰৰ সব কা সাথ সৱ কা বিকাশৰ নমুনা প্ৰতিফলিত হৈছে বকোৰ বৰুৱা বালিঝাৰ স্বাস্থ্য কেন্দ্ৰত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।