ওদালগুৰিত আমছুৰ বিশাল গণ সমাৱেশ

 08/04/2019 - 15:47

ওদালগুৰিঃ ওদালগুৰি জিলা আমছুৰ উদ্যোগত আৰু বকুলতলা, শিৱপুৰ-লাউদোং আৰু ৰাণীপুখুৰী আঞ্চলিক সমিতিৰ সহযোগত শিৱপুৰ-ভালুকমাৰী এম.ই স্কুল প্ৰাঙ্গণত শনিবাৰে অনুষ্ঠিত হয় এক বিশাল গণ সমাৱেশ। এনআৰচি, ডি-ভোটাৰ, শিক্ষা, বাল্যবিবাহ, আৰু সামাজিক কু-সংস্কাৰ সম্পৰ্কে অনুষ্ঠিত এই সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ বহুকেইখন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে। উক্ত বিশাল সমাৱেশখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সমাপতি ৰেজাউল কৰিম সৰকাৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱক।

বৰ্তমান এনআৰচি সন্দৰ্ভত আমছুৱে নিৰৱ ভূমিকা পালন কৰি থকা বুলি বিধায়কজনে আমছুক সমালোচনা কৰাৰ পাছত আজি সংগঠনটোৱে উভতি ধৰে বিধায়কজনক। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে কয় বিজেপি বিধায়ক শিলাদিত্য যে এগৰাকী যধামূৰ্খ আৰু পাগল সেয়া তেওঁ নিজে প্ৰমাণ কৰি দিছে। লগতে সৰকাৰে কয় যে শিলাদিত্যৰ নিজৰ বংশৰ লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰাৰ শংকাত বিধায়কগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই শংকিত হৈ পৰাৰ বাবে এই প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে। অসমত ১.৫ কোটি মুছলমান লোক নোহোৱাৰ পাছতো পাগল বিধায়কগৰাকীয়ে ১.৫ কোটি বাংলাদেশী মুছলমান লোক এনআৰচিত অন্তৰ্ভুক্ত হোৱা বুলি প্ৰলাপ বকাটো এক হাস্যকৰ বিষয়।

অসমত কোন ধৰ্মৰ লোক কিমান লোক আছে সেই সন্দৰ্ভত শিলাদিত্যৰ কোনো ধৰণৰ জ্ঞান নাই বুলিও সৰকাৰে সমালোচনা কৰে। লগতে সভাপতিগৰাকীয়ে কয় যে এই বিধায়কগৰাকীয়ে উচ্চতম ন্যায়ালয়ক প্ৰত্যাহ্বান জনোৱাৰ লগতে প্ৰতীক হাজেলাক ভাবুকি দি আছে। তাৰ পাছতো বিধায়কগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সৰকাৰে আহ্বান জনাই কয়ে যে যদিহে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন শুদ্ধ আৰু নিখুঁত এনআৰচি প্ৰকাশ হোৱাটো বিচাৰিছে তেন্তে বিধায়কগৰাকীৰ বিৰুদ্ধে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ইফালে আগন্তুক আগষ্ট মাহত উচ্চতম ন্যায়ালয়ত এনআৰচি সন্দৰ্ভত হ’বলগীয়া শুনানিত অংশগ্ৰহণ কৰি সংগঠনটোৱে এনেবোৰ লোকে কৰি থকা কাৰ্যকলাপ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক অৱগত কৰিব বুলিও উল্লেখ কৰে। ইফালে তিনি তালাক সন্দৰ্ভত নেতাগৰাকীয়ে কয় যে চৰকাৰে কোনো এক আইন জোৰকৈ কাৰো ওপৰত জাপি দিব নোৱাৰে। ইছলাম সম্প্ৰদায়ৰ মুৰব্বীসকলে তিনি তালাক সন্দৰ্ভত বিভিন্ন স্তৰত আলোচনা চলি আছে। এই সন্দৰ্ভত ধৰ্মীয় মুৰব্বীসকলৰ ওপৰতহে সকলো নিৰ্ভৰ কৰিব। ইফালে বিশাল গণ সমাৱেশত নিজৰ ভাষণ প্ৰসঙ্গত আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুছাৰফ হুচেইন লস্কৰে কয় যে এচাম লোকে সদায় মুছলমান জাতিটোক তুচ্য তাচিল্য কৰি আহিছে।

আমাক সংবিধানৰ অধিকাৰ ভোগ কৰাত কোনেও বাধা দিব নোৱাৰে। ৰাজ্যত এতিয়া নাগৰিকত্বৰ নামত চলিছে এখন বিশাল বজাৰ। একাংশই ষড়যন্ত্ৰ কৰি এই মুছলমান লোকসকলক হাৰাশাস্তি কৰি আহিছে। প্ৰতিখন চৰকাৰে মুছলমানসকলক প্ৰতাৰণা কৰি আহিছে। আমছু সদায় উচ্চতম ন্যায়ালয়ৰ ওচৰত বিশ্বাসী। উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত এখন শুদ্ধ নাগৰিকপঞ্জী নিৰ্মাণ হ’ব বুলি সকলোৱে আশা কৰিছে। এই বিশাল গণ সমাৱেশত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, ওদালগুৰি জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে ৰফিকুল ইছলামৰ লগতে সংগঠনটোৰ বহু বিষয়া আৰু স্থানীয় ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।