গান্ধী নগৰ আইআইটিত সোণৰ পদকেৰে উজ্বলিল দেৰগাঁৱৰ সন্তান

 08/04/2019 - 15:51

দেৰগাঁওঃ গুজৰাটৰ গান্ধী নগৰৰ ভাৰতীয় কাৰিকৰী প্ৰতিষ্ঠানৰ পৰা (আইআইটি) দুবছৰীয়া মাষ্টাৰ আইআইটি সুখ্যাতিৰে উত্তীৰ্ণ হৈ সোণৰ পদকেৰে সন্মানিত হৈছে দেৰগাঁৱৰ সুসন্তান অনুপম শৰ্মা। দেৰগাঁও ৩ নং ৱাৰ্ড নিবাসী ৰেচম বিভাগৰ সম্প্ৰসাৰণ বিষয়া প্ৰয়াত মুকুল শৰ্মা আৰু প্ৰয়াত জয়া দেৱীৰ একমাত্ৰ পুত্ৰ তথা মুক্তিযোদ্ধা বেনী মাধৱ শৰ্মাৰ নাতি। শৈশৱৰ পৰা মেধাৰ পৰিচয় দাঙি ধৰা অনুপমে দেৰগাঁও ডনবস্ক' হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন, জেবি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ আৰু কটন মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা প্ৰথম শ্ৰেনী লাভ কৰি কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈছিল।

চাৰি বছৰ বয়সতে পিতৃক, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়তে মাতৃ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়ত ককাক হেৰুওৱা ঘাট মাউৰা হোৱা যুবকজনে পৰবৰ্তী সময়ত মোমায়েকৰ ঘৰৰ আশ্ৰয়ত আছিল। অনুপমৰ ককাকৰ পুৰণা ঘৰখন মিছামৰাৰ তেলিয়া সোনাৰী গাঁৱত। একাগ্ৰতা, অধ্যৱসায় আৰু মেধা গুণ থাকিলে জীৱনৰ ঘাত-প্ৰতিঘাত জয় কৰি সফলতা অৰ্জন কৰিব পৰা এক উজ্বল প্ৰতিভাৰ নিদৰ্শন হৈছে দেৰগাঁও তথা গোলাঘাট জিলাৰ এই গৰাকী কৃতী সুসন্তান। দেৰগাঁও প্ৰাদেশীকৃত বিদ্যালয় অভিভাৱক মঞ্চই দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা মেধা ছাত্ৰজনক অভিনন্দন জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।