বৰপেটাত হস্তনিৰ্মিত বোমা উদ্ধাৰ

 08/04/2019 - 16:02

নগৰবেৰাঃ বৰপেটাত এটাৰ পিছত আন এটা জেহাদী আৰক্ষীৰ জালত পৰাৰ সময়তে দেওবাৰে দুপৰীয়া জিলাখনৰ সুখোৱাৰঝাৰ গাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা হস্তনিৰ্মিত বোমা। গাঁওখনৰ কমল উদ্দিনৰ ঘৰৰ ধান খেৰৰ দমৰ পৰা উদ্ধাৰ কৰে বোমাটো। বৰপেটা জিলা আৰক্ষীৰ DSP অমৃত কলিতাৰ নেতৃত্বত অহা আৰক্ষী আৰু সেনাৰ দলে অভিযান চলাই উদ্ধাৰ কৰে বোমাটো।

বোমা উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কৃষি কৰ্ম কৰি কোনোমতে পৰিয়াল চলোৱা অশিক্ষিত ব্যক্তিজনৰ ঘৰত এনেদৰে বোমা উদ্ধাৰ হোৱা বিষয়টো ৰহস্যজনক। একাংশৰ দাবী ব্যক্তিজনক ফচাবলৈ কোনো দুষ্ট চক্ৰই কৰিছে এই দুষ্কাৰ্য। অৱশ্যে আৰক্ষীৰ তদন্ত স্পষ্ট হ’ব সকলো। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।