বানত বিধ্বস্ত দুই আদৰ্শ কৃষকৰ ২৭ বিঘা মাটিৰ মালভোগ কলৰ খেতি

 08/04/2019 - 16:11

লাহৰীঘাটঃ সম্প্ৰতি ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱকসকলে কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। তেনে সময়তে মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তগত হাতীলৰুৱা পথাৰ গাঁৱৰ দুগৰাকী উদীয়মান শিক্ষিত যুৱক জাহাংগীৰ আলম আৰু আবুহুৰাই ৰাই ইউ বি আই বেংক, বন্ধন বেংক আৰু সমিতিৰ পৰা ১৩ লাখ টকা ঋণ লৈ ২৭ বিঘা মাটিত মালভোগ কলৰ খেতিৰ জৰিয়তে কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হোৱাৰ সোণালী সপোন ৰচিছিল যদিও বলিয়া বানে কৃষক দুগৰাকীৰ সমস্ত সপোন তচ-নচ কৰি দিলে।

মথাউৰি ছিঙি পলকতে প্ৰায় ডেৰ শতাধিক গাঁও বানৰ কবলত পৰাৰ বানৰ প্ৰচণ্ড সোঁতে তচ-নচ কৰি পেলাই সমগ্ৰ কলৰ খেতি। বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত খেতিয়ক দুগৰাকীয়ে আজি কল খেতিৰ বুজ ল’বলৈ গৈ খেতি পথাৰ প্ৰত্যক্ষ কৰি এফালে বেংকৰ পৰা লোৱা ঋণৰ চিন্তা আনহাতে খেতিৰ জৰিয়তে ৰচা সপোনৰ কথা ভাৱি হতভম্ব হৈ পৰে। সংবাদৰ মাধ্যমৰ যোগেদি অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্টানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰী অতুল বৰাক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনায় উদীয়মান খেতিয়ক দুগৰাকীয়ে। ইপিনে আবুহুৰাই ৰা ২০১৪চনত মৰিগাঁও জিলাৰ কৃষি বিভাগৰ তৰফৰ পৰা জিলাখনৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ খেতিয়ক হিচাপে নগদ ধন ২০,০০০ টকাৰ লগতে মানপত্ৰও লাভ কৰা বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।