বিজনী টোলগেটত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গাড়ী জব্দ

 08/04/2019 - 16:26

বিজনীঃ বিজনী দহলাপাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিত্যক্ত টোলগেটত ৬৫ কিলোগ্ৰাম গাঞ্জাসহ এখন হোন্দা চিটি গাড়ী জব্দ কৰে আৰক্ষীয়ে। চিৰাং জিলাৰ বিজনীত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৬৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বিজনীৰ দহলাপাৰাৰ পৰিত্যক্ত টোলগেটত শনিবাৰ নিশা সন্দেহজনকভাবে গৰাকীবিহীন এখন হোন্দা চিটি WB-19A-1171 নম্বৰৰ বাহন বহু সময় ধৰি ৰখাই থোৱা প্ৰত্যক্ষ কৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতি হৃদয় ৰায়ে।

পাছত বিজনী আৰক্ষীক খবৰ দিয়াত বিজনী আৰক্ষীয়ে উপস্থিত হৈ গাড়ীটোত অভিযান চলাই ৬৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। জব্দকৃত গাঞ্জাৰ আনুমানিক মূল্য ৩ লক্ষাধিক টকা। জব্দকৃত বাহন আৰু গাঞ্জাসহ আৰক্ষীয়ে বিজনী থানালৈ লৈ আনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।