অভয়াপুৰীত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

 08/04/2019 - 16:43

অভয়াপুৰীঃ অভয়াপুৰীৰ বাটাবাৰীত চিপজৰি লোৱা যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা শনিবাৰে মনোৰঞ্জন নাথ নামৰ ২ টি সন্তানৰ পিতৃয়ে চিপজৰি লৈ কৰিছিল আত্মহত্যা। কিন্তু আৰক্ষীক অৱগত নকৰি পৰিয়ালৰ লোকে শ্মশানত পুতি থৈছিল মনোৰঞ্জনৰ মৃতদেহ।

আজি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিব পাৰি উপস্থিত হয় ঘটনাস্থলীত। দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে বাটাবাৰী শ্মশানত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে মনোৰঞ্জনৰ মৃতদেহ। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।