কাকডোঙাত কৃষকৰ মাজত জৈৱিক সাৰ বিতৰণ

 08/04/2019 - 16:49

দেৰগাঁওঃ গোলাঘাট জিলা কাকডোঙা পতানজৰা গাঁৱৰ যুৱ সাংবাদিক, সমাজকৰ্মী ৰুবুল শইকীয়াই বিভিন্ন সময়ত চৰকাৰি বিভাগসমূহ সহযোগত কাকডোঙা অঞ্চলৰ বিভিন্ন এলেকাত ৰাইজৰ সুবিধা বাবে বিভিন্ন ক্ষেত্ৰত উন্নয়নমূলক সেৱা আগবঢ়াই অহা পৰিলক্ষিত হৈছে| সমাজকৰ্মী যুৱক ৰুবুল শইকীয়াই পতানজৰা গাঁৱৰ কৃষকসকলৰ সুবিধাৰ বাবে বহু দিনৰে পৰা কৃষি বিভাগৰ অধীনৰ এজাৰগুৰি পথাৰ পৰিচালনা সমিতিৰ সহযোগত কৃষকসকলক বিভিন্ন শস্য বীজ যোগান ধৰি আহিছে।

আজিও উদীয়মান যুৱক ৰুবুল শইকীয়াই কৃষি বিভাগৰ সহযোগত এজাৰগুৰি পথাৰ পৰিচালনা সমিতিৰ সভাপতি পংকজ শইকীয়াৰ উপস্থিতিত এজাৰগুৰি পথাৰ পৰিচালনা সমিতিৰ অধীনৰ প্ৰায় ৪৫ টা কৃষক পৰিয়ালক ধান খেতিত ব্যৱহাৰ কৰিবৰ বাবে জৈৱিক সাৰ বিতৰণ কৰে| ৰুবুল শইকীয়াৰ এনে পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে তেওঁৰ এনে কাৰ্য্যক প্ৰশংসা কৰে| কাকডোঙা অঞ্চলৰ সমাজকৰ্মী যুৱক ৰুবুল শইকীয়াই ৰাইজৰ সুবিধা বাবে ৰাইজৰ লগত থাকি ৰাইজৰ হকে নিস্বাৰ্থভাৱে সেৱা আগন্তুক দিনতো আগবঢ়াব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।