গোৰেশ্বৰত স্বচ্ছ অভিযান

 08/04/2019 - 16:58

গোৰেশ্বৰঃ গোৰেশ্বৰত এজাক ছাত্ৰ-ছাত্ৰীৰ লগতে পুৰুষ-মহিলাই হাতত ঝাৰু লৈ স্বচ্ছ কৰে ৰাজপথ। গোৰেশ্বৰ পৌৰসভাৰ উদ্যোগত ৰাজপথত চলিছে স্বচ্ছতা অভিযান। গোৰেশ্বৰ পৌৰ সভাৰ কাৰ্যালয়ৰ পৰা আজি বাহিৰ কৰে স্বচ্ছতা অভিযান| গোৰেশ্বৰ পৌৰ সভাৰ এলেকাধীন অঞ্চলসমূহ স্বচ্ছ কৰি ৰখাৰ বাবে আৰম্ভ কৰিছে স্বচ্ছতা অভিযান।

আজি দিনজোৰা কাৰ্য্যসূচীৰে গোৰেশ্বৰ ৰাজ পথ চাফা কৰিছে। উক্ত স্বচ্ছ অভিযানত গোৰেশ্বৰৰ পৌৰ সভাৰ কৰ্মচাৰীৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে| অনুষ্ঠানত গোৰেশ্বৰ পৌৰ সভাৰ পৌৰপতি ধনঞ্জয় বসুমতাৰী আৰু উপ-পৌৰপতি মন্টুৰাম ডেকাই গোৰেশ্বৰখন পৰিস্কাৰ কৰি ৰাখিবলৈ আহ্বান জনায়। এই কাৰ্যসূচীক গোৰেশ্বৰৰ সচেতন ৰাইজে প্ৰসংশা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।