অশ্বক্লান্ত দেৱালয় পৰিচালনা সমিতিৰ বৰদেউৰী সমাজৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

 08/04/2019 - 17:04

উত্তৰ গুৱাহাটীঃ তীৰ্থনগীৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰাণ প্ৰসিদ্ধ বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়। আজি দেওবাৰে দেৱালয় প্ৰাংগণত জন্মাষ্টমী উদযাপন সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বৰদেউৰী সমাজৰ কৃতী ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী ক্ৰমে বিশাল শৰ্মা ৮৯% (ননৰা), নীলাস্মীতা দেৱী ৭৭.৮% (ননৰা)।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধ্ৰুৱজ্যোতি গৌতম ৯৪.২% (ননৰা), সীমাশ্ৰী দেৱী ৭৯.৪%(ননৰা), ধৃতিস্মীতা দেৱী ৭৯%(ননৰা), নীলভ শৰ্মা (৭৯.৪) আৰু হৃদয় শৰ্মা( ৭৮%) ক সম্বৰ্ধনা জনোৱা হয়। দেৱালয় পৰিচালনা সমিতিৰ সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অধ্যক্ষা নিৰ্মালী দাস, দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতি ৰাতুল বৰুৱা, সমাজকৰ্মী মুকুল হাজৰিকা, সাংবাদিক দিগন্ত বৰদলৈ আৰু মুকুটেশ্বৰ গোস্বামী প্ৰমূখ্যে আন বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।