গোগামুখত সলিল সমাধি এজনৰ

 08/04/2019 - 17:10

গোগামুখঃ ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত গোসাঁইবাৰী গাঁৱত শনিবাৰে বিয়লি এজন লোকৰ সলিল সমাধি ঘটে। গোসাঁইবাৰী গাঁৱৰ নিৱাসী অৰ্জুন কলিতা (৫৫) নামৰ লোকজনে বিয়লি ৪ মান গাঁৱৰ পৰা ঘৰলৈ নাৱেৰে গৈ থকাৰ অৱস্থাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে নাৱেৰে ঘৰলৈ গৈ থকাৰ অৱস্থাত লোকজন হঠাৎ নিৰুদ্দেশ হয় আৰু লগে লগে বিচাৰ খোচাৰ চলোৱাত মৃতদেহটো প্ৰতক্ষ্য কৰে। মৃতদেহ উদ্ধাৰৰ বাবে গোগামুখ আৰক্ষী থানাক খবৰ দিয়াত গোগামুখ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মেডিকেললৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।