জুৰীয়াত পাঞ্জাৱ নেচনেল বেংকৰ বিষয়া কৰ্মচাৰীৰ স্বেচ্ছাচাৰিতা

 08/04/2019 - 17:31

জুৰীয়াঃ জুৰীয়াত পাঞ্জাৱ নেচনেল বেংকৰ বিষয়া কৰ্মচাৰীৰ স্বেচ্ছাচাৰিতাত অতিষ্ঠ ৰাইজ। ঈদলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শনিবাৰে জুৰীয়াত থকা একমাত্ৰ পাঞ্জাৱ নেচনেল বেংকটো বন্ধ ৰখাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। যোৱা শুকুৰবাৰে বেংকৰ কৰ্মচাৰী এজনৰ লগত স্থানীয় যুৱক এজনৰ মাজত তৰ্কাতৰ্কি হৈছিল। ইয়াৰে অচিলা লৈ শনিবাৰে বেংকটো বন্ধ কৰি ৰখাত কাৰ্যত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

একাংশ দালালৰ নিয়ন্ত্ৰণত থকা বেংকটোত বিভিন্ন দুৰ্নীতি-অনিয়মৰ মাজেৰে পৰিচালিত হৈ থকাৰ অভিযোগ গ্ৰাহকৰ৷ বেংকৰ মেনেজাৰ আৰু কৰ্মচাৰীয়ে দৰিদ্ৰ তথা অশিক্ষিত গ্ৰাহকৰ পৰা একাংশ দালালৰ জৰিয়তে অশিক্ষিত গ্ৰাহকক মিছা অজুহাত দেখোৱাই পাঁচশৰ পৰা এক হাজাৰলৈকে টকা আদায় কৰি থকা বুলি বেংকটোৰ গ্ৰাহকসকলে অভিযোগ উত্থাপন কৰিছে৷

ঈদৰ প্ৰাক মুহূৰ্তত তলা বন্ধ কৰি দিয়াত গ্ৰাহকৰ উগ্ৰমূৰ্তি দেখি আৰু বেংকৰ ভিতৰচৰাত চলি থকা দুৰ্নীতি উন্মোচিত হোৱাৰ ভয়ত দুপৰীয়া ১২ বজাত কৰ্তৃপক্ষই তলাবন্ধ কাৰ্য্যসূচী প্ৰত্যাহ্বান কৰিবলৈ বাধ্য হয়৷ ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে উক্ত যুৱক ৰাইচুল আবৰাৰক আটক কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।