শিশুক সৰ্প দংশনঃ কলৰ ভূঁৰত উঠাই নদীত উটুৱাই দিবলৈ সাজু পৰিয়াল

 08/04/2019 - 17:59

কামৰূপঃ কামৰূপৰ পছৰীয়াৰ মলঙত সৰ্প দংশনৰ ঘটনা। ইশানী বড়ো নামৰ এগৰাকী ৫ বছৰীয়া শিশুক দংশন কৰিলে সৰ্পই। ঘৰত খেলি থকা অৱস্থাত সৰ্পই দংশন কৰে শিশুটিক। চিকিৎসালয়লৈ নিয়াৰ পৰিবৰ্তে বেজৰ শৰণাপন্ন হয় পৰিয়ালটো। শনিবাৰে নিশা সৰ্প দংশনৰ পিছত তৎকালীনভাবে চিকিৎসালয়লৈ নিনি বেজৰ পৰামৰ্শ মতে বিনা চিকিৎসাই ঘৰত ৰাখিছিল শিশুটিক।

ৰাতিপুৱাৰ ভাগলৈ শিশুটি জী উঠিব বুলি দিছিল আশ্বাস। কিন্তু সৰ্প দংশনৰ পিছতেই মৃত্যু হৈছিল শিশুটি। এতিয়া কলৰ ভূঁৰ সাজি ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ সাজু হৈছে পৰিয়ালটো। বিজ্ঞান প্ৰযুক্তিৰ জয় যাত্ৰাৰ সময়ত অন্ধ বিশ্বাসৰ কৰাল গ্রাসে ক্ৰিয়া কৰা পৰিয়ালটোৰ দায়িত্বহীনতাৰ বাবে প্ৰাণ হেৰুৱালে শিশুটিয়ে। হয়তো সময়ত চিকিৎসালয় পালে মৃত্যুৰ মুখৰ পৰা বাছিলহেঁতেন শিশুটি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।