মৰিয়নীৰ চাহ বাগিছাত ডাইনী কাণ্ড

 08/04/2019 - 18:06

মৰিয়নীঃ মৰিয়নীৰ চাহ বাগিছাত অন্ধবিশ্বাসৰ বলি দুই মহিলা। মৰিয়নীৰ হুলুং গুৰি চাহ বাগিছাত ডাইনী সন্দেহত প্ৰহাৰ দুই মহিলাক। খৰি লুৰিবলৈ গৈ নিশা পলমকৈ ঘৰলৈ অহাৰ বাবেই ডাইনীৰ সন্দেহত প্ৰহাৰ হুলুঙগুৰি বাগিছাৰ মালতি ভূমিজ আৰু ৰাচমনি ভূমিজ নামৰ মহিলাদুগৰাকীক। কেৱল মাৰপিট কৰাই নহয় বাগিছাখনৰ পৰা খেদাই পঠালে অসহায় দুই মহিলাক।

পুনৰ বাগিছাখনত প্ৰবেশ কৰিলে হত্যাৰ ভাবুকি দুই অসহায় মহিলাক। ইফালে সম্প্ৰতি নিৰাপত্তাহীনতাত ভুগা দুই মহিলাই মৰিয়নীৰ দেবেৰাপাৰা আৰক্ষী চকীত আশ্ৰয় গ্ৰহণ কৰি আছে। ইপিনে ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ সচেতনতাৰ অভাৱৰ বাবেই নিশা হ’লেই মৰিয়নীৰ হুলুং গুৰি বাগিচাত ডাইনী আতংকই ভীতিগ্ৰস্ত কৰি ৰাখিছে স্থানীয় ৰাইজক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।