বৰপেটাৰ চাউলীয়া বড়ীত বিনামূলীয়া স্বাস্থ্য শিবিৰ

 08/04/2019 - 18:17

ডিজিটেল ডেস্কঃ বৰপেটা জিলাৰ অন্তৰ্গত চাউলীয়া বড়ী (কদমতলা)ত সুদূৰ গুৱাহাটীৰ বেচৰকাৰী সংস্থা আৰ, আই, ওৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত আজি এখনি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। বান পানীৰ ফলত অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হোৱাত বানপীড়িত ৰাইজৰ কাষত থিয় হৈ প্ৰায় পাঁচ শতাধিক লোকক স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰে ছ’চাইটিটোৰ নেতৃবৰ্গই।

উক্ত স্বাস্থ্য শিবিৰত উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে ড৹ ছামছুল আলমে। উপস্থিত থাকে আৰ আই ওৱালফেয়াৰ ছ’চাইটিৰ সভানেত্ৰী ৰেনু বেগম, সম্পাদিকা মৰ্জিনা হকৰ লগতে সহযোগিতা আগবঢ়াই বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক ছাইফুল ইছলাম খান, স্থানীয় সচেতন যুৱক সাজাহান আলীৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।