বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগাত কাছ মেলিলে বিধায়িকা আঙুৰলতা ডেকাই

 08/04/2019 - 18:22

বটদ্ৰৱাঃ জীৱ শ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীৰ আন প্ৰতিটো প্ৰাণী বা জীৱৰ প্ৰতি দায়বদ্ধতা আৰু মৰম প্ৰকাশ কৰিব পাৰিব লাগিব। এই মন্তব্য বিধায়িকা আঙুৰলতা ডেকাৰ। দেওবাৰে বটদ্ৰৱাৰ ঐতিহাসিক আকাশী গংগা জলপৃষ্ঠত দুপৰীয়াৰ ভাগত এটা কাছৰ পোৱালি মেলি দি বিধায়িকাগৰাকীয়ে সাংবাদিকৰ আগত কয় যে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ বাবে আমি প্ৰত্যেক মানুহেই সচেতন হ'ব লাগিব। জগত গুৰু শংকৰদেৱেও 'যত জীৱ জঙ্গম/কীট পতঙ্গম/অগ নগ তেৰি কায়া’ বুলি উল্লেখ কৰাৰ কথা কৈ নৱ প্ৰজন্মক প্ৰকৃতি সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

উল্লেখ্য যে বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগাত যোৱা কেইবছৰ মানৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱসকলে শতাধিক দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ এৰি এক সংৰক্ষণৰ থলীলৈ পৰিণত কৰিছে। ভকত বৈষ্ণৱৰ এই মহান প্ৰচেষ্টাৰ অংশ হিচাপে আজি বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাও বটদ্ৰৱা থানত উপস্থিত হৈ আকাশী গংগাত এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰ কাছ মেলি দিয়ে। বটদ্ৰৱা থান দৰ্শনৰ বাবে উপস্থিত হোৱা শতাধিক ভকত বৈষ্ণৱৰ সতে সেৱা গ্ৰহণ কৰি বিধায়িকা আঙুৰলতা ডেকাই এই বৰকাছ পোৱালি মেলি দি পৰম সন্তুষ্টি লাভ কৰা বুলি নিজৰ স্বভাৱ সুলভ বক্তব্যৰে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।