"মৰদেহৰ সত্যাগ্ৰহ আৰু লাইভ টেলিকাষ্ট" শীৰ্ষক গ্ৰন্থ উন্মোচন

 08/04/2019 - 19:15

হাউলীঃ বৰপেটাৰোড আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত নাট্যকাৰ মোজাম্মেল হকৰ দ্বাৰা ৰচিত চুটি নাট "মৰদেহৰ সত্যাগ্ৰহ আৰু লাইভ টেলিকাষ্ট" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। সাংবাদিক মেছেৰ আলী আহমেদ পৌৰোহিত্যত বৰপেটাৰোড হেল্প লাইন একাডেমী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় উন্মোচনী সভাখন।

উক্ত সভাত বি এইচ কলেজৰ অধ্যাপক হেমন্ত কুমাৰ ডেকাই উপস্থিত থাকি "মৰদেহৰ সত্যাগ্ৰহ আৰু লাইভ টেলিকাষ্ট" নামৰ গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰে। উক্ত অনুষ্ঠানত অসম কবি সন্মিলনৰ যুটীয়া সম্পাদিকা জ্যোৎস্না ৰাণী বিশ্বাস, নাট্যকাৰ আঃ আজিজ, আঃকদ্দুছ তালুকদাৰ, শিক্ষক মহিৰ উদ্দিন, বাদশ্বা মিয়া, সমাজকৰ্মী ছাহজাহান আলী আহমেদকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।