এলেন কোচিং ইনচষ্টিটিউটৰ বানপীড়িতলৈ সাহায্য বিতৰণ

 08/04/2019 - 19:19

হাউলীঃ বৰপেটা জিলাৰ হাউলীৰ কদমগুৰী এলপি স্কুল আৰু ইটাৰভিটা ইছলামপুৰ চ'কত আজি হাউলীস্থ এলেন ইনষ্টিটিউটৰ তৰফৰ পৰা উক্ত অঞ্চলৰ বানপীড়িতসকললৈ সাহায্য বিতৰণ কৰে। ব্যক্তিগত খণ্ডৰ উক্ত শিক্ষানুষ্ঠানটোৰ অধ্যক্ষ আব্বাছ আলী আৰু স্বত্বাধিকাৰী আজিজুল হকৰ প্ৰচেষ্টাত বিশিষ্ট সমাজ কৰ্মী ছফিউৰ ৰহমান সহযোগত বানত ক্ষতিগ্ৰস্থ হোৱা লোকসকলৰ মাজত চাউল, চেনী, তেল, চাবোন, শ্বেমাই আদি বিতৰণ কৰি পীড়িতসকলক সকাহ প্ৰদান কৰে।

শিক্ষক ফৰমান আলী, ছাত্ৰ আশ্ৰাফ আলী, ইটাৰভিটা গাঁৱৰ ৱাৰ্ড সদস্য মকবুল হুছেইন আৰু হোছেইন আলী গাঁওবুঢ়া উপস্থিত থকা বিতৰণ অনুষ্ঠানটিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জনপ্ৰিয় এমই মাদ্ৰাছালৈ পল্লা নদীৰ পাৰেৰে মথাউৰি নিৰ্মাণ কৰাৰ বাবে বন্যাৰ্তই চৰকাৰৰ ওচৰত দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।