চেঙাত অৱস্থিত আজমল কলেজ অৱ আৰ্টছ এণ্ড ছায়েঞ্চৰ বন্যাৰ্তলৈ সাহায্য

 08/04/2019 - 19:44

বৰপেটাঃ ৰাজ্যত মহাপ্ৰলয়ৰ সৃষ্টি কৰা অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সমস্যাৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ দিয়াবলৈ আৰু বন্যাৰ্ত‌ই ভুগি থকা দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰীৰ অভাৱ কিছু পৰিমাণে লাঘৱ কৰাৰ উদ্দেশ্যে চেঙাস্থিত আজমল কলেজ অৱ আৰ্টছ এণ্ড ছায়েঞ্চে চেঙা, পদ্মপাৰা, বাটগাঁও আদি অঞ্চলৰ বন্যাৰ্তৰ মাজত বিতৰণ কৰে বিভিন্ন ধৰণৰ সামগ্ৰী। মহাবিদ্যালয়ৰ শিক্ষক, ছাত্র-ছাত্ৰী একত্ৰিত নিজৰ পকেটৰ ধনেৰে ডেৰশতকৈ অধিক বানাক্ৰান্তলৈ আগবঢ়াইছে সহায়ৰ হাত।

শিবিৰৰ ওপৰিও বৰপেটা নগাঁও দৌলাশাল পথৰ বাটগাঁৱৰ পথৰ দাঁতিত আশ্ৰয় লোৱা বন্যাৰ্তৰ মাজত বিতৰণ কৰে চিৰা, চেনী, বিস্কুট, মিঠাতেল আদি খাদ্য সামগ্ৰীৰ লগতে কছুৱা, ধূপ, ডেটল, চাবোন, চাৰ্ফ ইত্যাদি দৈনন্দিন জীৱনৰ নুন্যতম প্ৰয়োজনীয় কিছু সামগ্ৰী। সাহায্য বিতৰণ কাৰ্যসূচীৰ যোগেদি আৰু সংবাদ মাধ্যমৰ তৎপৰতাত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাই বন্যাৰ্তৰ এনে অৱস্থাৰ প্ৰতি গভীৰভাৱে দুখ প্ৰকাশ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ‌ই ইয়াৰ দ্ৰুত উন্নতি কামনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।