চেঙাত বান সাহায্য বিতৰণ

 08/04/2019 - 19:51

পূৱ বৰপেটাঃ আজি বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চেনিমাৰি, মালিপাৰা, চেংলেদিয়া, বান্দালী ৰিজাৰ্ভ, যাত্ৰাদিয়া, ভোগেৰপাৰ আদি গাঁৱত লাখটকীয়া উন্নয়ন সমিতি আৰু ফৰ পিপলচ ৰাইটৰ উদ্যোগত প্ৰায় ৫০০ বানপীড়িত লোকক ভুটভুটীৰে গৈ বান সাহায্য বিতৰণ কৰে। চাউল, নদালি, পিয়াজ, মিঠাতেল, গাখীৰ, বিস্কুট, আলু, ব্লিচিং পাউদাৰ আদি বিতৰন কৰাত বিতৰণকাৰীসকলৰ মহনুভুতাক বানপীড়িত লোকসকলে আন্তৰিকতাৰে শলাগ লয়৷

ফৰ পিপলচ ৰাইটৰ হৈ বান সাহায্যত উপস্থিত থাকে বিশিষ্ট সমাজসেৱী জেচমিন আহমেদ, বিশিষ্ট সমাজসেৱী তথা অসম ৰাজ্যিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য সচিব মাহিৰ উদ্দিন আহমেদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আই হাজৰিকা(দিলু) সমাজ কৰ্মী ছাজিদ আলম চৌধুৰী আৰু তাৰিক ওমৰ৷ বৰপেটাৰ অধিবক্তা ধনী আলী, সমাজ সেৱক বিৰাজ কুমাৰ দাসৰ লগতে চেনিমাৰি আৰু বান্দালীৰ উদীয়মান যুৱক সকল উক্ত কায্যসূচীত উপস্থিত থাকি বিতৰণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।