নেমছুৰ বিশ্বনাথ আঞ্চলিক সমিতি গঠন

 08/04/2019 - 19:56

বিহালীঃ উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছুৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিশ্বনাথ আঞ্চলিক সমিতিখন আজি গঠন কৰা হয়। ফখৰুদ্দিন আলি আহমেদ মাদ্ৰাছা প্ৰেক্ষাগৃহত, সমাজকৰ্মী, শিক্ষাবিদ আলহাজ আবুল খায়েৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে বিশ্বনাথ জিলা নেমছুৰ সহকাৰী সাধাৰণ সম্পাদক মহিবুৰ ৰহমানে। সভাত সভাৰ সৰ্ব সন্মতি ক্ৰমে ছাহিদুল ইছলামক সভাপতি, ছইবুৰ ইছলাম আৰু হাছেন আলিক উপ সভাপতিদ্বয়, মকিবুৰ আলম আৰু শ্বাকিল মুস্তাক আহমেদক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া শক্তিশালী বিশ্বনাথ আঞ্চলিক সমিতি গঠন কৰা হয়।

উক্ত সভাত সংগঠনটোৰ বিশ্বনাথ সমিতিৰ সভাপতি মুস্তাক হুছেইন উপস্থিত থাকি নেমছুৰ কৰ্ম কৰ্তাক নিজ লক্ষ্য আৰু উদ্দেশ্যত অটল থাকি ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায়। নেমছুৰ সংবিধান উলংঘা কৰাসকলক ৰেহাই দিয়া নহ'ব বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে। বিশ্বনাথ জিলা নেমছুৰ সাধাৰণ সম্পাদক মুস্তাফিজুৰ ৰহমানে সংখ্যালঘুসকলৰ শৈক্ষিক দিশটো অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায় সংগঠনৰ কৰ্ম কৰ্তাক। সভাত সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জাকিৰ হুছেইন, সাংগঠনিক সম্পাদক ইয়াচিন আলি কাৰ্যকৰী সদস্য নুৰ আলমৰ লগতে বিশ্বনাথ অঞ্চলৰ প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।