ৰাণীত বিশ্ব স্তনপান সপ্তাহ উপলক্ষে সজাগতা সভা

 08/04/2019 - 20:04

মিৰ্জাঃ আগষ্টৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ সমগ্ৰ বিশ্বতে পালন কৰা হয় স্তনপান দিৱস। প্ৰতি বছৰে বিশ্বৰ ১২২ খনৰো অধিক ৰাষ্ট্ৰত পালন কৰা হয় এই স্তনপান দিৱসটি। সেয়ে এই দিৱসৰ লগত সংগতি ৰাখি ৰাণী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ৰাণীৰ আন্ধেৰীজুলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত বিস্তৃতকাৰ্যসুচীৰে অনুষ্ঠিত কৰা হয় এক সজাগতা সভা। চিডিপিও (CDPO) পিংকু বনিয়া বৈশ্যই আঁত ধৰা এই সভাত সমাজ কল্যান বিভাগৰ বহুকেইগৰাকী বিষয়াৰ লগতে স্বচ্ছ ভাৰত অভিযান, জিলা প্ৰশাসনৰ বিষয়াও উপস্থিত থাকে।

এই সজাগতা সভাতেই ৰাণী অঞ্চলৰ দুখীয়া-দৰিদ্ৰ বহু কেইটা পৰিয়ালৰ শিশুক পোষণ অভিযানৰ "সঠিক পুষ্টি দেশ" শীৰ্ষক কাৰ্যসূচীৰ জড়িয়তে পুষ্টিকৰ খাদ্যৰে অন্নপ্ৰসন্ন কৰোৱা হয়। বহুকেইগৰাকী গৰ্ভৱতী মহিলা, মাতৃ, স্থানীয় সচেতন লোকৰ লগতে ৰাণী অঞ্চলৰ বহু কেইটা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাৰ উপস্থিতিত, উপস্থিত বহু কেইগৰাকী বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ পোষণ অভিলাষী আঁ‌চনিৰ উদ্দেশ্যে আৰু ইয়াৰ পৰা পোৱা সুবিধাসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

বিশেষকৈ ৰাণী প্ৰকল্পৰ ৬ নং চক্ৰৰ কৰ্মী-সহায়িকা প্ৰচেষ্টাত হোৱা সভাৰ জৰিয়তে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পৰিপুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ কণমানি শিশু, মহিলা আৰু কিশোৰীৰ মাজত অপুষ্টি কিদৰে প্ৰতিহত আৰু কমাব পাৰি তাৰ ওপৰত আলোকপাত কৰা হয়।

সমাজ কল্যাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ এই পোষণ অভিযানৰ লগত জড়িত হৈ থকা হেতুকে পৰৱৰ্তী সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাণী শিশু সংহত উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোৰ অংগনবাড়ী কেন্দ্ৰসমূহত বিভিন্ন কাৰ্যসূচীৰে প্ৰসূতি মাতৃক, শিশুক পুষ্টিকৰ খাদ্য যোগান ধৰি এই অভিযানৰ আৰু দিৱসৰ সফলৰূপ দিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি ব্যক্ত কৰে উদ্যোক্তাসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।