মঙলদৈৰ এজন শিক্ষকৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা

 08/04/2019 - 20:24

মঙলদৈঃ মঙলদৈৰ এজন শিক্ষকৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা। চৰকাৰী খণ্ডৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বাবে লৈছে অন্য এক পদক্ষেপ। একাংশ প্ৰাক্তন মেধাবী ছাত্ৰ ছাত্ৰীৰ জৰিয়তে সপ্তাহৰ এদিন ছাত্ৰ-ছাত্ৰীসকলক দি আহিছে অতিৰিক্ত পাঠদান। ৰঙামাটি পাব্লিক হাইস্কুল ৰ প্ৰধান শিক্ষক অজিত ডেকাৰ নেতৃত্বত চলিছে এই পাঠদান।

২২ গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে মঙলদৈৰ ৰঙামাটি অঞ্চলত সাতখনকৈ প্ৰাথমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীক সপ্তাহত এদিন শিক্ষাদান দি আহিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত ভাল ভাল ছাত্ৰবিলাক গুচি যোৱাৰ ফলত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ মান নিম্নগামী হৈছে তেনে সময়ত এনে চিন্তাধাৰাই কিছু মান উন্নত কৰাৰ আশা কৰা হৈছে। লগতে প্ৰধান শিক্ষক অজিত ডেকাই লোৱা এনে প্ৰচেষ্টাত সকলোৱে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.