ৰঙিয়াত প্ৰথম বাৰৰ বাবে আৰম্ভ হ'ল মহিলা জিম

 08/04/2019 - 20:38

ৰঙিয়াঃ ৰঙিয়াৰ মহাত্মা গান্ধী পথত থকা শৰাইঘাট ফিটনেচ চেণ্টাৰে নতুনকৈ আৰম্ভ কৰিছে মহিলাৰ বাবে জিম। ৰঙিয়াৰ বিশিষ্ট চিকিৎসক ডাঃ প্ৰেৰিত শৰ্মাই আনুষ্ঠানিকভাবে জিমটো ফিটা কাটি মুকলি কৰে। ইয়াৰ আগতে শৰাইঘাট ফিটনেচ চেণ্টাৰত এখন সভা অনুষ্ঠিত হৈ যায়। জিমটোৰ স্বত্বাধিকাৰী তথা ৰঙিয়াৰ উদীয়মান যুৱক জয়ন্ত শৰ্মাই পৰিচালনা কৰা সভাখনত উপস্থিত থাকে চিকিৎসক ডাঃ প্ৰেৰিত শৰ্মাৰ লগতে বিশিষ্ট সাংবাদিক ক্ৰমে তাপস চামাদ্দাৰ, মোস্তোফা কামাল আহমেদ, মিৰাজুল ইছলাম, নছিউৰ ৰহমান, নয়নজ্যোতি কলিতা আদিকে কৰি প্ৰায় শতাধিক ব্যক্তি।

জিম উদ্বোধনী সভাখনত উপস্থিত থকি ডাঃ প্ৰেৰিত শৰ্মাই তেওঁৰ ভাষণত কয় যে অকল ঔষধ খাই দেহৰ বেমাৰ কমোৱাটো প্ৰকৃত কথা নহয়। নিয়মীয়াকৈ ব্যায়াম কৰি দেহৰ বহু বেমাৰ নাইকিয়া কৰি তুলিব পাৰি। নিয়মীয়া ব্যায়ামৰ জৰিয়তে এজন ব্যক্তি সদায় নিৰোগী হৈ থাকিব পাৰে বুলি ডাঃ শৰ্মাই তেওঁৰ ভাষণত উল্লেখ কৰে। ইয়াৰ উপৰি ব্যায়াম কৰা ব্যক্তি এজন কি দৰে লাভাম্বিত হ’ব পাৰে সেই বিষয়েও চিকিৎসকগৰাকীয়ে বিতংভাবে বাখ্যা আগবঢ়ায়। ইয়াৰ বাবে জিমৰ প্ৰয়োজনীয়তা সম্বন্ধেও চিকিৎসকগৰাকীয়ে কয়।

ইফালে মহিলা জিম উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থকা বহু কেইগৰাকী ব্যক্তিয়ে নিজৰ অভিমত ব্যাখ্যা কৰি ৰঙিয়াৰ উদীয়মান যুৱক জয়ন্ত শৰ্মাই মহিলাৰ বাবে আছুতিয়াকৈ এটা জিম খোলা বিষয়টোত ধন্যবাদ জনায়। উল্লেখ্য যে প্ৰায় আঠ বছৰ আগতে ৰঙিয়াত শৰাইঘাট ফিটনেচ চেণ্টাৰ নামৰে ৰঙিয়াৰ প্ৰথমটো জিম আৰম্ভ কৰিছিল জয়ন্ত শৰ্মা নামৰ যুৱকজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।