শীঘ্ৰে আৰম্ভ হ’ব দুৰ্বল মথাউৰি, গৰাখহনীয়া নিৰ্মাণৰ কামঃ মন্ত্ৰী কেশৱ মহন্ত

 08/04/2019 - 20:47

নলবাৰীঃ আজি ৰাজ‍্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ সৈতে নলবাৰী জিলাৰ নলবাৰী বিধান সভা সমষ্টিৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাগলদিয়া নৈৰ মাজুশিৰালৰ মথাউৰিৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। উল্লেখ‍্য‍ যে ঘগ্ৰাপাৰ ৰাজহ চক্ৰটোৰ বালিতাৰা আৰু চটাইবাৰী গাঁও পঞ্চায়তত পাগলদিয়া নৈৰ উন্মুক্ত মথাউৰিৰে বাঢ়নী নৈৰ পানী সোমাই অহা ফলত অঞ্চলটোৰ প্ৰায় কুৰিখন গাঁৱৰ বিস্তৰ ক্ষতি সাধান হোৱা লগতে ৰাইজে আশ্ৰয় শিবিৰ থাকিব লগাত পৰে।

ইফালে পাগলদিয়া নৈ সুঁতি সলনি কৰি অঞ্চল কেবাটাও ঠাইত মথাউৰিৰ গৰাখহনীয়াৰ সৃষ্টি কৰি নৈপৰীয়া ৰাইজলৈ ভাবুকি কঢ়িয়াই আনে। ঠিক সেই সময়তে আজি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাজুশিৰালৰ পাগলাদিয়া নৈয়ে সৃষ্টি কৰা প্ৰায় ডেৰ কিলোমিটাৰ মথাউৰিৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উক্ত মথাউৰিতো পৰিভ্ৰমণ কৰি সংবাদ মাধ্যমৰ আগত কয় যে নৈখনে ইতিমধ্যে সুঁতি সলনি কৰিছে।

যাৰ পৰিপ্ৰেক্ষিতত নৈখন মাজুশিৰালৰ মথাউৰিৰ ফালে গতি কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নৈখনৰ মথাউৰিটো দুৰ্বল হৈছে, আগন্তুক দিনত মথাউৰিটোৰ লগতে নৈখনৰ গৰাখহনীয়া ৰোধৰ আঁচনি গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। ইফালে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নৈখনৰ বৰখাটা (পলবাৰীৰ) উন্মুক্ত মথাউৰিতো নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰী মহন্তই কয় যে উক্ত ঠাইত মথাউৰিতো নিৰ্মাণ ইতিমধ্যে বিভাগক প্ৰাক্ কলন দায়িত্ব দিয়া হৈছে যদি তাত গড়কাপ্তানি বিভাগৰো কাম থাকিব সদৰী কৰে।

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে বিধায়ক অশোক শৰ্মা, নলবাৰী জলসম্পদ বিভাগ বিষয়া-কৰ্মচাৰীক লগত লৈ ২নং খাতা গাঁও পঞ্চায়তৰ নমাটি মৰাপাগলদিয়াৰ উপনৈ চেংনৈৰ বান বিধ্বস্ত অঞ্চলৰ লগতে গৰাখহনীয়া পৰিদৰ্শন কৰে। উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে আৰম্ভ হ’ব উম্মুক্ত মথাউৰি, দুৰ্বল মথাউৰি, গৰাখহনীয়া, নিৰ্মাণৰ কাম আৰম্ভ হ’ব। সেই কথা শুনি এতিয়া কিছু পৰিমাণে হ’লেও সকাহ দিছে ভুক্তভোগী ৰাইজক। তাৎপৰ্যপূৰ্ণ কথা যে উক্ত ই নিৰ্মাণৰ ব্যৱস্থা নকৰিলে অনাগত দিনত এজাক বৰষুণ আহিলেই বানত ডুবি থাকিব লাগিব বৃহত্তৰ ৰাইজ। সেয়া যি কি নহওক মন্ত্ৰী কেশৱ মহন্তৰ এই আশ্বাস কেতিয়াকে কাৰ্যক্ষেত্ৰত পৰিণত হয় তালৈ ৰাইজে অপেক্ষা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।