বৰপেটাত বিনামূলীয়া চিকিৎসা শিবিৰ

 08/04/2019 - 20:54

বৰপেটাঃ স্বেচ্ছাসেৱী সংগঠন আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনৰ উদ্যোগত আৰু বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ সহযোগত আজি বৰপেটা চহৰত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। বৰপেটা জিলা বিশেষ বিকলাংগ স্কুল প্ৰাংগনত অনুষ্ঠিত এই চিকিৎসা শিবিৰত প্ৰায় ডেৰ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধো বিতৰণ কৰা হয়।

জনীয়াৰ আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ বিশেষ তত্বাবধানত অনুষ্ঠিত এই শিবিৰত ডা কমলকৃষ্ণ দাস, ডা নুৰুল ইছলাম আৰু ডা মিঠুন দাসে চিকিৎসা সেৱা আগবঢ়ায় । চিকিৎসা শিবিৰত এ এন এম হায়াতুন নাহাৰ, কাদেৰ খুশনবীশ হাজৰিকা আৰু শ্বৰিফ আহমেদ, স্বচ্ছগ্ৰাহী আবিদা খাতুনৰ লগতে ডিজিটেল সাংবাদিক সন্থাৰ বিষয়ববীয়াসকলে সহযোগ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.