যোগ ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিছে নগাঁৱৰ কিশোৰী ৰাজশ্ৰী শৰ্মা

 08/04/2019 - 21:04

বেবেজীয়াঃ যোগ চৰ্চাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে এগৰাকী কিশোৰী। শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণৰূপে বিবেচিত 'যোগাসন'ৰ জৰিয়তে জগত জিনাৰ সপোন নগাঁৱৰ ১৫ বছৰীয়া কিশোৰী ৰাজশ্ৰী শৰ্মাৰ। নগাঁও জিলাৰ ননৈ বিহৰিগাঁও নিৱাসী চন্দ্ৰকান্ত শৰ্মা আৰু জুনু শৰ্মাৰ কনিষ্ঠ কন্যা তথা শংকৰদেৱ শিশু নিকেতন, আমোলাপট্টিৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰাজশ্ৰী শৰ্মাই পঢ়া-শুনাৰ সমান্তৰালভাৱে 'যোগাসন' ক্ৰীড়াৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে।

পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ পৰাই যোগাসনৰ প্ৰতি আকৰ্ষিত হোৱা ৰাজশ্ৰীয়ে প্ৰাৰম্ভিক পৰ্যায়ত যোগ প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্মাৰ তত্ত্বাৱধানত যোগাসনৰ শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানত 'যোগাসন' প্ৰতিযোগিতাত ভাগ লৈ নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সক্ষম হোৱা ৰাজশ্ৰীয়ে ৪০ সংখ্যক ৰাষ্ট্ৰীয় যোগ ক্ৰীড়াত চতুৰ্থ স্থান, ৪১ সংখ্যক ৰাষ্ট্ৰীয় যোগ ক্ৰীড়াত চতুৰ্থ স্থান আৰু ৪৩ সংখ্যক ৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰোপৰি ৫৯, ৬০, ৬১, ৬২, ৬৩, ৬৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছতো অংশগ্ৰহণ কৰি ৰাজশ্ৰীয়ে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। শেহতীয়াকৈ ৰাজশ্ৰীয়ে সৰ্ব ভাৰতীয় যোগাসন কনফেডাৰেচন কাপ ২০১৯ ত ভাগ লৈ সুন্দৰ প্ৰদৰ্শনেৰে থাই কাপত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় যোগ ক্ৰীড়াত দেশক প্ৰতিনিধিত্ব কৰি সফলতা কঢ়িয়াই অনাৰ স্বপ্ন পুহি ৰখা ৰাজশ্ৰীয়ে বৰ্তমান নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত নিৰ্বাণত অসম যোগ সন্থাৰ সম্প‍াদক তথা যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাৰ তত্ত্বাৱধানত যোগৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।