ধলাৰ পৰা তিনিচুকীয়ালৈ ভক্তপ্ৰাণ ৰাইজৰ ব’ল বম যাত্ৰা

 08/04/2019 - 21:32

কাকপথাৰঃ হিন্দু ধৰ্মত শাওনৰ মাহটো পবিত্ৰ মাহ হিচাপে পালন কৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে৷ প্ৰবিত্ৰ শাওন মাহৰ প্ৰতিটো দেওবাৰে হিন্দু ধৰ্মালম্বী লোকে ব’ল বম উদযাপন কৰি আহিছে৷ জনবিশ্বাস যে এই মাহত মহাদেৱ শিৱক সন্তুষ্ট কৰিব পাৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয়৷ সমগ্ৰ ভাৰতবৰ্ষৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাতো ব’ল বমত পৰম্পৰাগতভাবে ধলাৰ ব্ৰক্ষ্মপুত্ৰ নদীৰ পৰা পানী লৈ তিনিচুকীয়া শিৱধামত অৰ্পণ কৰে৷

এই ব’ল বম যাত্ৰাত ধলাৰ পৰা তিনিচুকীয়াৰ শিৱধামলৈ লক্ষাধিক ভক্তই অংশগ্ৰহণ কৰে৷ বিভিন্ন ভক্তই নানান আৰ্হিৰে ৰথ নিৰ্মাণ কৰি, কান্ধত ধেনুৰ আৰ্হিৰে দুয়োটা মূৰত দুটা পানীৰ কলহ লৈ ধলাৰ পৰা তিনিচুকীয়ালৈ প্ৰায় ৫০/৬০ কিঃ মিঃ পথছোৱা প্ৰখৰ ৰ’দকো নেওচি খোজেৰে পৰম্পৰাগতভাবে বহ্মপুত্ৰৰ পৱিত্ৰ জল শিৱধামত অৰ্পণ কৰা পৰিলক্ষিত হয়৷ শাওন মাহৰ চাৰিটা দেওবাৰৰ ভিতৰত বিশেষকৈ তৃতীয়টো দেওবাৰে ৰাইজৰ সমাগম অধিক হোৱা দেখা যায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।