দলগাঁৱত কৃষকৰ মাজত কঠিয়া বিতৰণ

 08/05/2019 - 13:53

দলগাঁওঃ দৰঙৰ দলগাঁৱৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত কৃষকৰ মাজত কঠিয়া বিতৰণ কৰে৷ বানপানীকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰে মোকাবিলা কৰাৰ লগতে কৃষকক সকাহ দিবলৈ জিলা কৃষি বিভাগে দলগাঁও ফাৰ্মৰ ৭০ হেক্টৰ ভূমিত আৰম্ভ কৰিছিল কঠিয়াৰ এক সামূহিক নাৰ্চাৰী। বৰ্তমানে বানপানীয়ে কৃষকসকলক সকাহ দিয়াত কৃষকসকল পুনৰ সোণ গুটি ধানৰ খেতি কৰিবলৈ আৰম্ভ কৰে যদিও ইতিমধ্যে পথাৰত ৰুবলৈ সাজু কৰি তোলা কঠিয়াতলি বানপানীত নষ্ট হোৱাত হাহাকাৰৰ সন্মুখীন হোৱা কৃষকক বিনামূলীয়াকৈ কঠিয়া দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে৷

আজি কৃষকসকলৰ এখনি সভা অনুষ্ঠিত কৰি স্থানীয় বিধায়ক ইলিয়াছ আলীৰ উপস্থিতিত কঠিয়া বিতৰণৰ শুভাৰম্ভণি কৰে৷ আজিৰ কঠিয়া বিতৰণ সভাত বিতৰণ সমিতিৰ সদস্যসকল ক্ৰমে শ্যামপিৰ জিলা পৰিষদৰ সদস্য শ্বাহনাজ নিলোৰা ইয়াছমিন, দলগাঁও শিয়ালমাৰী আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন ৱাজেদ আলী উপস্থিত থাকে। এ ডি অ' সুৰজিত দাসে আঁত ধৰা সভাখনত বিধায়ক ইলিয়াছ আলীয়ে ভাষন দি উচ্চ ক্ষমতা সম্পন্ন বিধান ৰঞ্জিত ছাব ১ কঠিয়াৰ সুবিধা গ্রহণ কৰিলৈ কৃষকসকললৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।