ৰাজ্যসভাৰ পৰা পদত্যাগ ভুৱনেশ্বৰ কলিতাৰ

 08/05/2019 - 13:56

ডিজিটেল ডেস্কঃ অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা কংগ্ৰেছ সাংসদ সঞ্জয় সিঙৰ পিছত এইবাৰ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভুৱনেশ্বৰ কলিতাই। কাৰ্যকাল শেষ হ’বলৈ এবছৰ বাকী থকা অৱস্থাত ৰাজ্যসভাৰ পৰা পদত্যাগ ভুৱনেশ্বৰ কলিতাৰ। পদত্যাগ পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিছে ৰাজ্যসভাৰ সভাপতি, দেশৰ উপ–ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।