এনআৰচিৰ শুনানিৰ বাবে যাত্ৰী কঢিয়াই নিয়া বাছ দুৰ্ঘটনা গ্ৰস্তঃ নিহত ২, আহত কেইবাজনো

 08/05/2019 - 14:29

ডিজিটেল ডেস্কঃ এনআৰচিৰ শুনানিৰ বাবে প্ৰায় ৫২ জন যাত্ৰী কঢিয়াই নিয়া বাছ দুৰ্ঘটনাত পতিত। যোৰাবাটৰ গণেশ মন্দিৰৰ সমীপৰ দেওবাৰে নিশা দুৰ্ঘটনাত পতিত হয় বাছখন। দুৰ্ঘটনাটোত দুজন ব্যক্তি নিহত হোৱাৰ উপৰি কেইবাজনো লোক গুৰুতৰভাবে আহত হয়। সোণতলীৰ পৰা গোলাঘাটলৈ এনআৰচিৰ শুনানিৰ বাবে ৰাওনা হৈছিল বাছখন।

জানিব পৰা মতে এখন আলকাতৰা ভৰ্তি তীব্ৰবেগী ডাম্পাৰ এখনে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনৰ ওপৰত বাগৰি পৰে। দুৰ্ঘটনাটোৰ ফলত প্ৰায় ২৪জন লোক আহত হৈছে। আঘাতপ্ৰাপ্তসকলৰ মাজত শিশুৱো আছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু জি এন আৰ চিত চিকিৎসাধীন হৈ আছে আহত যাত্ৰীসকল। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্তসকলৰ মাজৰ কমেও ৮ জনৰ অৱস্থা অতি সংকটজনক।

ডাম্পাৰখনত থকা আলকাতৰা লাগি বহুলোকৰ শৰীৰৰ কিছু কিছু অংশ জ্বলি যায়। সাধাৰণভাৱে আহতসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত যাবলৈ দিয়া হৈছে। বাছখনৰ যাত্ৰী হিচাপে আছিল প্ৰায় ১২ টি শিশু। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ এএছ-০১-এফচি-৩২৪২। উল্লেখ্য যে গোলাঘাট জিলাৰ বিভিন্ন ঠাইত পুৱা ৯ বজাত এন আৰ চিৰ শুনানি আছিল লোকসকলৰ। এন আৰ চিৰ পুনৰীক্ষণৰ বাবে যাবলগীয়া দলটোৰ আঘাতপ্ৰাপ্ত সদস্যসকলে এতিয়াও এন আৰ চিৰ শংকা মনৰ পৰা আঁতৰ কৰিব পৰা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।